অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | Essay on Natural Resources of Assam

অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | অসমীয়া ৰচনা | Essay on Natural Resources of Assam | Class 10 and 12 Assamese Essay | Asomor Prakitik Sampada in Assamese Rosona | Essay on Essay on Natural Resources of Assam in Assamese for Class 10 and 12


অসমৰ প্ৰাকৃতিক সম্পদ

আৰম্ভণিঃ প্ৰকৃতিৰ বুকুৰ পৰা যিবােৰ সামগ্ৰী আহৰণ কৰি, অথবা প্ৰকৃতিৰ অনুগ্ৰহত গঢ়ি উঠা যিবােৰ সম্পদ বা সামগ্ৰী মানুহৰ কামত লগােৱা হয় সেইবােৰকেই চমুকৈ প্ৰাকৃতিক সম্পদ বােলা হয়। প্ৰাকৃতিক সম্পদসমূহ মানুহে নগঢ়ে, প্ৰকৃতিৰ বুকুত সেইবােৰ প্ৰাকৃতিক কাৰণতেই ঘূপ খাই থাকে অথবা প্ৰকৃতিৰ উপৰিভাগত নিজে নিজেই সেই একে কাৰণতেই গঢ় লৈ উঠে। অসম প্ৰাকৃতিক সম্পদেৰে এখন চহকী ৰাজ্য। ইয়াৰ ভৌগােলিক অবস্থান অতি বৈচিত্ৰ্যপূৰ্ণ। এই ৰাজ্য সমভূমি, মালভূমি, পৰ্বত-পাহাৰ, নদ-নদী, উপত্যকা, খাল-বিল, হাবি-জংগলেৰে পৰিপূৰ্ণ। অসমৰ গৰ্ভ খনিজ তেল, কয়লা, লোৰ আঁকৰ আদিৰেও পূৰ হৈ আছে। গতিকে সকলাে প্ৰকাৰৰ প্ৰাকৃতিক সম্পদেই কম-বেছি পৰিমাণে অসমত পােৱা যায়।

প্ৰাকৃতিক সম্পদসমূহঃ অসমৰ প্ৰাকৃতিক সম্পসমূহক ঘাইকৈ চাৰি শ্ৰেণীত ভাগ কৰি আলোচনা কৰিব পৰা যায়—

(ক) খনিজ সম্পদঃ খনিজ সম্পদৰ ভিতৰত খনিজ তেল, চূণশিল, চিমেন্ট, কয়লা, লাে, সীহ আদিৰ আকৰ, সােণৰ চেকুৰা আদি উল্লেখযােগ্য। খনিজ তেলত অসম অতি চহকী। অসমৰ সমগ্ৰ ভূগৰ্ভ আগুবি এই তেল আছে বুলি ধাৰণা কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত ন ন তেলৰ পুং আৱিষ্কৃত হ’ব লাগিছে। ইতিমধ্যে ডিগহৈ, নাহৰকটীয়া, মৰাণ, লাকোৱা, হুগ্ৰীজান, গেলেকী, ৰুদ্ৰসাগৰ আদি ঠাইত খনিজ তেলৰ পুং আবিষ্কৃত। হৈছে। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে প্ৰচুৰ পৰিমাণৰ তেল সঞ্চিত হৈ আছে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এই খনিজ তেল শােধন কৰিবলৈকে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতাে শােধনাগৰ স্থাপিত হৈছে।

এই উদ্দেশ্যে, নুমলীগড়তে শশাধনাগাৰ নিৰ্মাণ হৈছে। খনিজ তেলৰ পৰা কেৰাচিন, পেট্ৰ’ল, স্পিৰিট, মবিল, মম, ৰুন্ধন গেছ আদি উৎপাদিত হৈছে। এইদৰে বৰ্তমান মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী উৎপাদন হােৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিব পাৰিছে। আৰ্থিকভাৱে ৰাজ্যখনক ভালেখিনি সকাহ দিব পাৰিছে। তাৰােপৰি ইয়াৰ গইনা লৈ অন্যান্য উদ্যোগ আৰু ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি উঠিছে।বঙাইগাঁওত পেট্ৰ’কেমিকেল কমপ্লেক্স, দুলীয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়ােগৰ কেন্দ্ৰ স্থাপিত হৈছে। লিড়, মাৰ্ঘেৰিটা, বৰগােলাই, টিপং, মাকুম আদি অঞ্চলত কয়লা খনি আছে। কয়লাৰ পৰা আলকাতৰা, নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকৰিণ তৈয়াৰ কৰা হয়।

গাড়ী-মটৰ, যানবাহন, উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। ইয়াৰ অৰ্থনৈতিক দিশটোও উন্নত। ইয়াৰ উপৰিও কোনাে কোনাে ঠাইত লােৰ আঁকৰ, সােৱণশিৰি নৈৰ বালিত, গাৱালপাৰাৰ পাহাৰ অঞ্চলত সােণৰ চেকৰা পােৱা যায়। অসমৰ পাহাৰীয়া অঞ্চলত লিমিনাইট আৰু গুৱাহাটীৰ আশে পাশে তামৰ খনি থকাৰাে সন্ধান পােৱা গৈছে। চণশিলৰৰ সন্ধান পােৱা গৈছে। বােকাজানত চিমেন্ট কাৰখানা স্থাপিত হৈছে। অন্যান্য কিছুমান ঠাইতাে চিমেন্ট তৈয়াৰ হৈছে।

(খ) বনজ সম্পদঃ বনজ সম্পদৰ ভিতৰত অসমৰ হাবি-বননি, পাহাৰ আদিত পােৱা বিবিধ গছ-গছনি, কাঠ-বাঁহ, জীৱ-জন্তু, পক্ষী আৰু শিল আদি। আগতে অসমৰ সমতল ভূমিৰ অধিক অংশই আৰু পাহৰুৱা অঞ্চলসমূহাে হাবি-জংগলেৰে ভৰা আছিল। সেইবােৰত স্বাভাৱিকভাৱেই গজিছিল অতি মূল্যৱান শাল, সােণাৰু, নাহৰ, আজাৰ, কৰৈ, গমাৰি, বনচোম, তিতাচপা, চেগুণ, শিলিখা, শিমলু, গন্ধসৰৈ, অগৰু, চন্দন, পমা অনেকবিধ গছ-গছনি। কিন্তু অসমত বাহিৰা লােকৰ প্ৰব্ৰজন ঘটাত ঘৰ বান্ধি থাকিবলৈ, খেতি-বাতি কৰিবলৈ হাবি-জংগল, গছ-গছনি কাটি খাস্তাং কৰিলে। বৰ্তমান বনবিভাগ বুলি চৰকাৰী বিভাগ এটা খুলি এইবােৰৰ কিছু ঠাই সংৰক্ষণ কৰি তাত গছ-গছনি ৰুইছে; গছ-গছনি কাটি টকলা কৰা পাহাৰবােৰতাে গছ-গছনি ৰুইছে।

হাবি-জংগল, গছ-গছনি কটাৰ ফলত অসমৰ জলবায়ুৱেই সলনি হৈ গৈছে। বৰষুণৰ পৰিমাণ কমিছে। ইয়াত থকা জন্তু-জানোেৱাৰ, পক্ষীয়ে থাকিবলৈ ঠাই নাপাই হয় আন ঠাইলৈ গুচি গৈছে, নতুবা গাঁৱে-ভূঞে, চহৰে সােমােৱাৰ ফলত মানুহৰ হাতত নিধন হৈছে। ঘৰ আৰু দলং আদি সজা আৰু মানুহৰ প্ৰয়ােজনীয় বিভিন্ন সা-সৰঞ্জাম, সজুলি, আদি তৈয়াৰ কৰাৰ বাবে কাঠ-বাঁহ আদি হ’ল অমূল্য সম্পদ। ভাৰতৰ বিভিন্ন ঠাইলৈ মূল্যৱান কাঠ ৰপ্তানি কৰাৰ উপৰিও ৰেলৱে বিভাগে শালগছসমূহ ৰে’লৰ চিৰিৰ তলত শ্লিপাৰ হিচাপেও ব্যৱহাৰ কৰি আহিছে। হাবিত পােৱা খেৰ, বতা, খৰি আদিৰ চাহিদা প্ৰচুৰ। শিমলু কাঠৰ পৰা জুইশলা তৈয়াৰ কৰিছে। বৰ্তমান থকাতকৈ জুইশলা নিৰ্মাণ আৰু কাগজ-কল স্থাপনৰ অধিক সম্ভাৱনা অসমত আছে। অসম বিখ্যাত ইয়াৰ হাবিত থকা এশিঙীয়া গঁড়ৰ বাবে।

তাৰােপৰি হাতী, ম’হ, বাঘ, নাৰকমৰ পহু, গাহৰি, ভালুক, বান্দৰ আদি অনেক জীৱ-জন্তু ইয়াৰ হাবিত থাকে। ধনেশ ম’ৰা, হাঁহ, কাউৰী, মইনা, ভাটৌ, টিয়া, শগুণ, হাড়গিলা, কুলি, কেতেকী, শালিকা অলেখ পক্ষী অসমৰ হাবিৰ গছ-গছনিত বাস কৰে। এই জীৱ-জন্তুসমূহ অসমৰ পদ। ইয়াৰ হাবিত অনেক মৌ বাহাে পােৱা যায়। ফল-মূলাে পােৱা যায়।পাহাৰত পােৱা, নদীবােৰত উটি অহা শিল-বালিসমূহকো বনজ সম্পদৰ ভিতৰত ধৰা হয়। শিল-বালিৰ চাহিদা বৰ্তমান সময়ত অতি বেছি। এইবােৰ ৰাস্তা-পদূলি, ঘৰ, দলং আদি নিৰ্মাণত বহুলভাৱে ব্যৱহৃত হৈছে।

(গ) জলজ সম্পদঃ পানীও মানুহৰ অতি মূল্যবান সম্পদ। আনহাতে ইয়াত থকা মাছকাছ আদিও মানুহৰ প্ৰয়ােজনীয় খাদ্য। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ আৰু সুৰমা নদী বৈ যােৱাৰ উপৰিও ইয়াত অনেক অন্যান্য নদী-উপনদীও আছে। ইয়াৰ পানী খােৱাৰ উপৰিও জলসিঞ্চনৰ ব্যৱস্থাৰে খেতি পথাৰত দিয়া আৰু বিজুলী শক্তি উৎপাদনৰ কামতাে ব্যৱহাৰ কৰা হৈছে। নদনদী, উপনৈ, বিল-খাল আদিত পােৱা মাছ-কাছৰ ব্যৱসায় কৰিয়েই অনেক লোকে জীৱিকা চলাইছে। আনহাতে নিজাকৈ অনেক লােকে মাছ পুহিবলৈ লৈ আৰ্থিকভাৱে লাভৱান হৈছে।

(ঘ) কৃষিজ সম্পদঃ অসম এখন কৃষিপ্ৰধান ৰাজ্য। ইয়াত মানুহে কৰা বিবিধ খেতিৰ উপৰিও প্ৰকৃতিৰ বুকুত অনেক খাদ্য-সামগ্ৰী পােৱা যায়। চাহ আৰু অনেক ফল-মূল আগতে প্ৰকৃতিবেই দান আছিল।বৰ্তমান অৱশ্যে এইবােৰৰ খেতি মানুহে উন্নত ধৰণে কৰিবলৈ লৈছে। মানুহে ধান মাহকে ভিতৰ কৰি সকলােবােৰ খেতি কৰে যদিও পানীৰ কাৰণে, জলবায়ুৰ কাৰণে প্ৰকৃতিৰ ওপৰতেই বেছিভাগ নিৰ্ভৰ কৰে। সেই কাৰণেই অসমৰ কৃষিক প্ৰাকৃতিক সম্পদৰ ভিতৰত ধৰিব পৰা যায়।

সম্পদসমূহৰ পৰা পােৱা উপকাৰঃ এই সম্পদসমূহ মানুহৰ জীৱনৰ এৰাব নােৱৰা সম্পদ। জীৱন নিৰ্বাহ কৰিবলৈ, বিভিন্ন প্ৰয়ােজন পূৰাবলৈ এই সম্পদসমূহ অসমৰ বাবে অমূল্য সম্পদ। ইয়াৰ সম্পদসমূহৰ দ্বাৰা বিভিন্ন উদ্যোগ, কাৰ্যালয় আৰু তান্যান্য কামত অনেক অসমীয়া মানুহে কৰ্ম সংস্থান পােৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ আৰু ব্যক্তিগতভাবেও আৰ্থিক লাভৱান হৈছে।

সামৰণিঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচিতভাৰে সংৰক্ষণ কৰিব আৰু কামত লগাব পাৰিলে ইয়াৰ প্ৰচুৰ পৰিমাণে উদ্যোগ গঢ়ি উঠিব। অসমৰ ভয়াবহ নিবনুৱা সমস্যা আৰু অশান্ত পৰিৱেশৰ মােকামিলা কৰিবলৈ এই উদ্যোগসমূহেই মুখ্য ভূমিকা ল’ব পাৰিব। অসম অধিক লাভৱান হ’ব।

1 thought on “অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | Essay on Natural Resources of Assam”

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top