বিশ্ব পৰিবেশ দিৱস ৰচনা | World Environment Day Essay

বিশ্ব পৰিবেশ দিৱস ৰচনা ( ৩০০ শব্দৰ ভিতৰত) অসমীয়া ৰচনা |  World Environment Day Essay | Biswa Paribesh Divas in Assamese | World Environment Day Essay for Class 10 and 12


বিশ্ব পৰিবেশ দিৱস

আৰম্ভণিঃ বৰ্তমান সময়ৰ মানুহে প্ৰত্যেকটো শুভ কৰ্ম বাবে এটি দিন বান্ধি লৈছে। কিন্তু বেয়া কৰ্মৰ বাবে নাই, বেয়া কৰ্ম সদায়। তাৰে এটি শুভকৰ্মৰ ভিতৰত অন্যতম দিৱস হৈছে” বিশ্ব পৰিবেশ দিৱস”। যিটো দিৱস ১৯৭৩ চনত এখন সন্মিলনত উল্লেখ কৰিছিল। তাৰ ১ বছৰৰ পাছত অৰ্থাৎ ১৯৭৩ চনতহে কাৰ্যকৰী হৈছিল। তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে ৫ জুন তাৰিখে ” বিশ্ব পৰিবেশ দিৱস”  হিচাপে পালন কৰে। ১৯৭৩ চনত (WED) ৰ প্ৰথম বিষয় ( theme) আছিল ” Only one Earth ” . আৰু এই বছৰৰ (২০২০) বিষয় হ’ল “Time for nature”. 

পৰিৱেশঃ পৰিবেশ শব্দটোত এই সকলোবোৰ বস্তু সোমায় আছে যিবোৰে আমাক সদায় সহায় কৰে। অৰ্থাৎ আমাৰ চাৰিওফালে যিবোৰে আগুৰি আছে। এইবোৰে আমাক সকলো বোৰ বস্তু প্ৰদান কৰে যিবোৰ এইটো গ্ৰহত জীৱন নিৰ্বাহ কৰিবলৈ আৱশ্যক। 

আমাৰ পৰিৱেশেও আমাৰ পৰা কিছুমান সহায় বিচাৰে। যাৰ দ্বাৰা যাতে  আমাৰেই ভাল হয়, আমাৰ জীৱন ডাঙৰ তথা দীঘল হয় আৰু কেতিয়াও নষ্ট নহওক। অৰ্থাৎ পৰিৱেশে আমাৰ পৰা বিচাৰে। আমি যাতে প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলো।          

আমাৰ সকলোৰে জীৱনত এনেকুৱাকৈ বুদ্ধি প্ৰগতি হৈছে তথা উদ্ভৱ হৈছে যিয়ে প্ৰতিদিনে জীৱনক (সকলো জীৱক) বিপদ দিশে নি আছে। যি দৰে প্ৰাকৃতিক বায়ু, পানী, মাটি দূষিত হৈ আছে। এনেকুৱা অনুভৱ হয় যে আমি মৃত্যু মূখলৈ গৈ আছোঁ। এই যে পৰিৱেশে নিজৰ ৰূপ মানুহ , জন্তু, গছ- গছনি তথা আন জৈৱ বস্তুৰ ওপৰত দেখাবলৈ আৰম্ভ কৰিছে। ইয়াকে পৃথিৱীৰ মৃত্যু বুলি ক’ব পাৰি।

এইটো সত্য যে পৰিৱেশ নষ্ট হোৱাৰ বাবে দায়ী আমি। কিন্তু আমি কিছুমান সৰু সৰু প্ৰচেষ্টাৰে এই পৰিৱেশ সম্পূৰ্ণ ৰূপে সলনি কৰিব পাৰোঁ। আমি আমাৰ জীৱনটি ভাল বনাবলৈ বিজ্ঞানৰ প্ৰয়োজন ল’ব লাগিব যে – ইয়ে যাতে ভৱিষ্যতে পৰিৱেশক কোনো কু- প্ৰভাৱ নেপেলায়। 

সামৰণিঃ এটা কথা জনা উচিত যে – পৰিবেশ আছে বাবে মানুহ আছে মানুহ আছে বাবে পৰিৱেশ নাই। সকলোৱে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিব লাগিব। সদায় বিশ্ব  পৰিৱেশ দিৱস পালন কৰিবলৈ লাগিব। পৰিৱেশ সুৰক্ষাৰ বাবে সকলো চৰকাৰে কিছুমান আঁচনি হে উলিয়াব পাৰিব আৰু একো কৰিব নোৱাৰে যদি আমি পালন নকৰোঁ। এবাৰ ভাৱি চাওঁক ভাৰতৰ ১৪০ কোটি মানুহে সপ্তাহত বা মাহত একোডাল কৈ গছপুলি ৰোপণ কৰো পৰিৱেশ কিমান শুদ্ধ হ’ব। 

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top