ছাত্ৰৰ কৰ্তব্য ৰচনা | Duties of Student Assamese Essay 

ছাত্ৰৰ কৰ্তব্য ৰচনা | ছাত্ৰৰ কৰ্তব্য বিষয়ে ৰচনা | Duties of Student Assamese Essay | Satror Kartabya Essay


ছাত্ৰৰ কৰ্তব্য

ছাত্ৰৰ মুখ্য ব্ৰতঃ মানৱ শিশুৰ অন্তৰত নিহিত থকা স্বাভাৱিক প্রবৃত্তি আৰু প্ৰতিভাক সুস্থ আৰু সুপৰিকল্পিতভাৱে বিকাশৰ পথ নির্দেশ কৰি সৰ্ব্বাঙ্গ সুন্দৰ জীৱন যাপন কৰিব পৰা সুনাগৰিক গঢ়ি তুলিব পৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য আৰু যিসকলে এই শিক্ষা অনুধাবন কৰি সৰ্বাঙ্গ সুন্দৰ জীৱন গঢ়িবলৈ প্রয়াস পায়, সেইসকলেই ছাত্র। এতেকে ছাত্র জীৱনত সু-শিক্ষা লাভ কৰি, শৰীৰ, মন, বুদ্ধি, প্রতিভাক শিক্ষাৰূপী কষটি শিলেৰে ঘঁহি মাজি মনুষ্যত্বৰ পূর্ণ বিকাশ সাধনত ব্ৰতী হৈ মধুৰ জীৱন গঢ়ি তােলেটোৱেই ছাত্ৰসকলৰ মুখ্য উদ্দেশ্য হােৱা উচিত; সংসাৰ এক বিচিত্র যুদ্ধক্ষেত্র। মানুহ সেই যুদ্ধক্ষেত্রৰ একোজন সৈনিক।

সেই সৈনিকে জীৱন যুদ্ধত বিজয়ীৰূপে নিজকে প্রতিষ্ঠা কৰিবলৈ অনুশীলনৰ আৱশ্যক; এই অনুশীলন—সুশিক্ষা লাভ, প্রকৃত মনুষ্যত্ব লাভৰ, জীৱন-যুদ্ধৰ সক্ষম সেনানী হােৱাৰ অনুশীলন। এই অনুশীলনৰ বাবে গভীৰ আৰু প্রশস্ত অধ্যয়নৰ আৱশ্যক। গতিকে প্রথম পৰ্য্যায়ত অধ্যয়নেই ছাত্রৰ মুখ্য ব্রত। এই ব্রত সফল কৰি তুলিবলৈ সাধনা লাগে। সাধনা আহিব আন্তৰিকতাপূর্ণ মনােযােগ, অধ্যৱসায়, ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যােগেদি। গভীৰ দূৰদৃষ্টি আৰু আত্মপ্রত্যয়ৰাে একান্ত প্রয়ােজন মানৱ জীৱনৰ অসাধ্য একো নাই ; ঘঁহি থাকিলে শিলাে ক্ষয় যায়। “আনে যিটো কৰিব পাৰিছে, সেইটো আমিও পাৰিম।” এই প্রত্যয় ছাত্ৰৰ অন্তৰে অন্তৰে নিহিত থাকিব লাগিব। প্রথমে নিজৰ পাঠ্য বিষয় সমূহৰ সম্যক জ্ঞান লাভ কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ, জীৱনৰ পৰীক্ষাত উত্তীর্ণ হ’ব লাগিলে প্রথমে বিদ্যালয়ৰ পৰীক্ষাত কৃতকাৰ্য্যতা লাভ কৰিব লাগিব। কৃতকাৰ্য্যই কৃতকাৰ্য্যতা আনিব।

এই কৃতকাৰ্য্যতাত উত্তীর্ণ হ’ব লাগিলে অধ্যয়ন আৰু অধ্যৱসায়ৰ লগতে শৃঙ্খলা, নিয়মানুবর্তিতা, সময়ানুৱৰ্ত্তিতাৰাে একান্ত প্রয়ােজন কথাতে কয় Hit the iron while it is hot, সময়ৰ শৰ মাৰিব জানিলেহে শৰ পহুৰ মঙহ খাবলৈ আশা কৰিব পাৰি। সময়ৰ মূল্যবােধ থাকিলেহে কামতাে উদ্গতি লাভ কৰিব পাৰি। যেতিয়া যিটো বিষয় অধ্যয়ন কৰিব লাগে, তাক তেতিয়াই কৰা উচিত। দীর্ঘসূত্রিতা এক মহা ব্যাধি। ই এলাহ আৰু অৱসাদক প্রশ্রয় দিয়ে আৰু মানুহৰ কৰ্ম্ম প্রেৰণা ৰহিত কৰি কৰ্ম্মবিমুখ কৰি তােলে। সেইবাবে ছাত্র-ছাত্রীসকলে এই দীর্ঘসূত্রিতাৰূপী মহা ব্যাধিক দূৰতে বিদূৰ কৰি অধ্যয়নত ৰত হৈ জীৱন গঢ়াৰ প্ৰচেষ্টাত আগবাঢ়ি যােৱা উচিত।

জীৱন সৰ্বাঙ্গ সুন্দৰ কৰি গঢ়ি নিজকে জীৱন যুঁজৰ বাবে প্রস্তুত কৰিবৰ কাৰণে কেৱল পাঠ্য-পুথিৰ সীমাৱদ্ধ জ্ঞান আহৰণতে ব্যস্ত থাকিলেই নহয়; সংসাৰ যুঁজত যিদৰে নানা সমস্যার সম্মুখীন হ’ব লগা হয়, সেইদৰে সেইবােৰৰ লগত প্রতিযােগিতাত জয়লাভ কাৰণেও নিজকে বিভিন্ন বিষয়ত প্রস্তুত কৰি ল’ব লগা হয়। সেইবাবে পাঠ্যপুথিৰ লগত সমন্বয় ৰাখি অন্যান্য লাগতিয়াল বিষয়ৰ জ্ঞান আহৰণৰ প্রয়ােজন। ছাত্র জীৱনতে সেই জ্ঞান আহৰণ কৰি গণতান্ত্রিক দেশত নিজৰ অধিকাৰ প্রতিপন্ন কৰাৰ, সুনাগৰিক হিচাপে নিজ দায়িত্ব সফলতাৰে পালন কৰিব আৰু স্বকীয় কামনা, ইচ্ছা ৰূপায়ণ কৰি উন্নত জীৱন যাপনৰ পথ প্রশস্ত কৰি তােলাৰ দিহা কৰা উচিত।

পিতৃ-মাতৃৰ প্রতি কর্তব্যঃ ছাত্র-জীৱনৰ এইয়া প্রথম আৰু প্রধান কর্ত্তব্য। শিষ্টাচাৰ, সাধুতা, নম্রতা, কর্তব্যপৰায়ণতা, ভক্তি পৰায়ণতা আদি সজ ছাত্র-ছাত্রীৰ আন আন চাৰিত্রিক বৈশিষ্ট্য। কেৱল উচ্চ শিক্ষাই মানুহক প্রকৃত মানৱৰূপে পৰিগণিত কৰিব নােৱাৰে, যদিহে তেওঁ এই গুণবােৰ বৰ্জিত হয়। কুমলীয়া বাঁহ এডালক ইচ্ছামতে ভাঁজ দিব পাৰি; কিন্তু বুঢ়া বাঁহ এডালক নােৱাৰি; ভাজ দিবলৈ চেষ্টা কৰিলে। সি ভাঙি যায়। সেই ছাত্র জীৱনৰপৰাই এই গুণবােৰ আহৰণ কৰিব লাগিব। এই গুণ আহৰণৰ প্রথম মঞ্চ নিজৰ ঘৰখন। ঘৰখনত পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখি তেওঁলােকৰ আশা-আকাঙ্খা পূৰণৰ বাবে অহােপুৰুষাৰ্থ কৰিব লাগিব।

মনত ৰখা উচিত যে পিতৃ-মাতৃৰ কাৰণেই আমি বিনন্দীয়া সৃষ্টিৰ অপৰূপ সৌন্দর্য, বিচিত্রতা চাবলৈ, উপভােগ কৰিবলৈ সমৰ্থ হৈছোঁ। সেইবাবে তেওঁলােকলৈ ভক্তি ৰাখি, তেওঁলােকে যি কৰিলে সুখী হয়, সন্তুষ্ট হয়, তেওঁলােকৰ জীৱনলৈ চিৰ সুখ, চিৰ শান্তি আহে তাকে কৰা উচিত। নিজৰ ভাই-ককাই, বাই-ভনীৰ প্ৰতিও মৰমিয়াল হ’ব লাগে। ঘৰখনৰ নিজা ভাই-ককাই, বাই-ভনীৰ লগত মিলি -জুলি থাকিব পাৰিলে বিদ্যালয়, সমাজৰ বৃহত্তৰ সমাজখনৰ বৃহত্তৰ পৰিবেশতাে নিজকে খাপ খুৱাই ল’ব পৰা যায়। ওচৰ-চবুৰীয়াসকলৰ প্ৰতিও সহনশীল, সহানুভূতিশীল হােৱা উচিত।

শিক্ষক সকলৰ প্ৰতি কৰ্তব্যঃ দ্বিতীয়তে শিক্ষকসকলৰ প্ৰতি ছাত্র-ছাত্রীসকল একান্ত ভক্তি পৰায়ণ হােৱা উচিত। শিক্ষকসকলে আমাৰ দৃষ্টি বহল কৰি পৃথিৱীখন চাবলৈ, এই বহল পৃথিৱীত নিজৰ স্থান নির্ণয় কৰিবলৈ আৰু তাত নিজকে প্রতিষ্ঠা কৰিবলৈ শিকায়। আমাক অজ্ঞান আন্ধাৰৰপৰা পােহৰৰ বাটলৈ লৈ যায় সুনাগৰিক হৈ সুস্থ জীৱন যাপন কৰিবলৈ, প্রকৃত মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ, সুখী জীৱন যাপন কৰাৰ উপযুক্ত হােৱাৰ পথ প্রদর্শন কৰে। সেইবাবে আমি গুৰুসকলৰ আদেশ  নতশিৰে পালন কৰি শিক্ষা লাভত নিজকে নিয়ােগ কৰা উচিত।

ছাত্র-ছাত্রীসকলৰ শিক্ষক সকলৰ প্রতি কৃতকাৰ্য্যতাই, গৌৰৱেই শিক্ষকসকলৰ জীৱনৰ মূলধন। শিক্ষকসকলে ছাত্র আৰু ছাত্রীসকলৰ মঙ্গল কামনাই কৰে চিৰদিন আৰু নিজৰ বুদ্ধিবৃত্তি, শক্তি সামর্থ্য সকলােখিনি নিস্বার্থভাৱে প্ৰয়ােগ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্রকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰে। ছাত্র-ছাত্রীৰ সফলতাই শিক্ষকসকলৰ জয়মাল্য সেই কথা মনত ৰাখি ছাত্র-ছাত্রীসকলে শিক্ষকসকলৰ প্রতি ভক্তি আৰু সন্মান প্রদর্শন কৰা কৰ্ত্তব্য। ছাত্র-ছাত্রীসকলে মনত ৰখা উচিত যে যিসকল ভক্তি পৰায়ণ নহয়, অমায়িক নহয়, গুৰু ভকতক সমীহ কৰি নচলে, দয়া, ক্ষমা, কৰুণা যাৰ অন্তৰত নাই–তেওঁ প্রকৃত মানুহ নামৰ উপযুক্ত নহয় আৰু তেনে লােকৰ সভ্য সমাজত, ৰাইজৰ দৰবাৰত স্থান নাই।

সমাজৰ প্রতিঃ মানুহ সামাজিক প্রাণী। সমাজ বাদ দি মানুহে সুস্থ, উন্নত আৰু আনন্দ-সমুজ্জ্বল জীৱন যাপন কৰাটো কল্পনাই কৰিব নােৱাৰি। ছাত্ৰসকলাে সমাজৰে একোটা অঙ্গ। গতিকে সমাজৰ প্রতিও ছাত্ৰসকলৰ কর্তব্য আছে। অধ্যয়নত ৰত থাকিও সেইবাবেই আজৰি সময়ত, বন্ধৰ দিনত সমাজৰ অন্যান্য ব্যক্তিৰ লগতে হাত উজান দি সামাজিক উন্নয়ন কাৰ্য্যত সমাজক সহায় কৰা উচিত।ছাত্ৰসকলে নিজৰ প্রধান কর্তব্য বিদ্যা অর্জনৰ মাজেদিয়েই সমাজক নানা প্রকাৰে সহায় কৰিব পাৰে; মহামাৰীৰ সময়ত মানুহে পালন কৰিব লগীয়া নীতি-নিয়মৰ বিষয়ে সমাজক জ্ঞান দিব পাৰে; ঔষধালয়ৰপৰা ঔষধপাতি আনি ৰুগ্ন লােকসকলক সহায় কৰিব পাৰে।প্রাকৃতিক দুর্যোগ, অগ্নিকাণ্ড, বানপানী আদিত পীড়িত লােকসকলক দান-বৰঙণি সংগ্রহ কৰি সাহায্য আগবঢ়াব পাৰে; নিৰক্ষৰ লােকক দুটা আখৰ চিনাকি কৰি দিব পাৰে। সামাজিক তিথি-উৎসৱ, সভা-সমিতি আদিত ডাঙৰসকলক সহায় কৰিব পাৰে।

স্বদেশ আৰু স্বজাতিৰ প্ৰতিঃ ছাত্ৰসকলেই দেশৰ ভৱিষ্যৎ নাগৰিক, দেশৰ গুৰি ধৰোঁতা, জাতিৰ মেৰুদণ্ড; সেইবাবে উপযুক্ত নাগৰিক হিচাপে, জীৱন গঢ়ি তুলিবলৈ ছাত্ৰাৱস্থাৰপৰাই অনুশীলন কৰিব লাগিব। আন হাতেদি ছাত্র শক্তি, পৃথিৱীৰ এনে এটা বৃহৎ শক্তি, যাৰ প্ৰভাৱত দেশৰ শাসনতন্ত্র সলনি হ’ব পাৰে ; এটম বােমাই, আণৱিক শক্তিয়ে যি কাৰ্য্য সাধন কৰিব নােৱাৰে সেই কাৰ্য্য ছাত্র সম্মিলিত আঙুলিৰ চিয়াৰত মুহূৰ্ততে সম্ভৱ হৈ উঠিব পাৰে। এই এক মহান শক্তি ছাত্ৰসকলে কল্যাণকামী ৰাষ্ট্ৰ এখনত জনগণৰ কল্যাণৰ কাৰণে প্রয়ােগ কৰিলে দেশে দ্রুতৰভাৱে উন্নয়নৰ পথত আগুৱান হ’ব পাৰে। গতিকে ছাত্র শক্তিয়ে সুচিন্তাৰে, সুপৰিকল্পিতভাৱে সমাজৰ কল্যাণমূলক কামতাে আগভাগ লােৱা উচিত।

ছাত্রসকল বংশৰ, জাতিৰ ভৱিষ্যত আশাৰ প্রদীপ। সমাজে, জাতিয়ে, দেশে কামনা কৰে প্ৰতিজন ছাত্রই প্রকৃত শিক্ষা লাভ কৰি একোটি একো জ্ঞানৰ ভাণ্ডাৰ হওক ; উৎসাহ উদ্যম কর্মপ্রেৰণাৰ মহীয়ান উৎস হওক; তেওঁলােকৰপৰাই হাজাৰ হাজাৰ প্রজ্ঞাৰ, মনীষাৰ সৃষ্টি হওক। একো একোটি দীপ্তিময়, প্রভাযুক্ত জ্যোতিঃপুঞ্জ পিতৃ মাতৃৰ, সমাজ, জাতিৰ জীৱনলৈ, মধুময় দিনৰ মহাজ্যোতি কঢ়িয়াই আনক। সমাজৰ সেই আশা, সেই স্বপ্ন বাস্তৱত ৰূপায়িত কৰি ছাত্র সমাজ হ’ব লাগিব-জাতিৰ সেৱক, সাধক, শাসক, কর্ণধাৰ—সকলাে।

সামৰণিঃ সৰ্বশেষত ছাত্ৰসকলে সকলো কৰ্মতে সিদ্ধিবা সফলতা অৰ্জন কৰিবলৈ ছাত্ৰ জীৱনতে চেষ্টা কৰিব লাগে। তেওঁলোকে মনত ৰাখিব লাগে যে “জ্ঞানেই প্রকৃত শক্তি”। জ্ঞান আহৰণৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল শিক্ষা অৰ্জন বা অধ্যয়ন। গতিকে, ছাত্ৰসকলে ছাত্ৰ অৱস্থাতে অধ্যয়নৰ মাধ্যমেৰে প্ৰয়োজনীয় জ্ঞান অৰ্জন কৰি ভৱিষ্যৎ জীৱনত সাফল্য লাভ কৰা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top