পৰিৱেশ প্ৰদূষণ ৰচনা | Environmental Pollution Essay in Assamese

পৰিৱেশ প্ৰদূষণ ৰচনা | অসমীয়া ৰচনা | Environmental Pollution Essay in Assamese | Paribesh Pradushan Aru Iyar Pratikar Essay


পৰিৱেশ প্ৰদূষণ

আৰম্ভণিঃ সভ্যতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰিবলৈ অগ্ৰসৰ হােৱা জীৱশ্রেষ্ঠ মানুহে নিজকে পৰিৱেশৰ দাস কৰি ৰখাৰ হীনমন্যতাক প্রশ্রয় দিয়াৰ পৰিৱর্তে প্রাকৃতিক পৰিৱেশক প্রত্যাহ্বানহে জনাইছে আৰু প্রকৃতিক জয় কৰি প্ৰকৃতিৰ সকলাে শক্তিকে মানৱ-কল্যাণত নিয়ােজিত কৰিবলৈ প্রয়াস পাইছে। সমস্যাৰ সৃষ্টি হৈছে সেইখিনিতে। প্রকৃতিক যিদৰে দুৰ্বাৰ সাহসেৰে মানুহে পদানত কৰিবলৈ প্রচেষ্টা চলাই আহিছে, সেইদৰে প্ৰকৃতিয়েও স্বভাৱসুলভ নীৰৱতাৰেই মানুহৰ শক্তিৰ বিৰুদ্ধে, প্ৰতিৰােধৰ দুর্জয় বেহু ৰচনা কৰিব লাগিছে। ফলত মানুহ আৰু প্ৰকৃতিৰ মাজত সৃষ্টি হৈছে দুর্ধর্ষ সংঘাতৰ। এই সংঘাতৰেই প্রতিফলন হৈছে প্ৰদূষণ।

ৰাসায়নিক দ্রব্যৰ  ব্যৱহাৰৰ ফলত প্রদূষণঃ মানুহৰ দৈনন্দিন জীৱনত ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ দ্রুতগতিত বাঢ়ি গৈছে। কৃত্রিম উপায়েৰেও অজস্ৰ ৰাসায়নিক দ্রব্য উৎপাদন কৰি, মানুহৰ অভাৱ পূৰণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত বায়ু, পানী, মাটি, খাদ্য-দ্রব্য ব্যৱহাৰৰ ফলত প্রদূষণ আৰু আনকি জীৱকোষবােৰো দূষিত হৈছে। পৰিণতিত কর্কট ৰােগ, বিকৃত সন্তান জন্ম, জন্ম-বৈকল্য আদিৰ প্রকোপ দিনে দিনে বৃদ্ধি পাব লাগিছে।

শক্তিৰ বিভিন্ন উৎসৰ পৰা প্ৰদূষণঃ প্রজ্বালক আৰু শক্তি হিচাবে ব্যৱহৃত কয়লা, খাৰুৱা তেল আদিৰ আহৰণৰ ফলত এফালে ভূমিক্ষয় ঘটে আৰু আনফালে মাটি, পানী আদিও দূষিত হৈছে। খাৰুৱা আৰু কয়লাৰ পবিত্যক্ত অংশবােৰে খেতি পথাৰৰ বিস্তৃত অঞ্চল দূষিত কৰিছে। এইবােৰ বৈ গৈ নদ-নদী সাগৰ, হ্রদ, বিল আদিত মিহলি হৈ পানী দূষিত কৰিছে। জলবিদ্যুৎ আদি উৎপাদনৰ লগত জড়িত যন্ত্রপাতি, জলাধাৰ আদিও নানা ৰোগৰ বীজাণুৰ আশ্ৰয় স্থল হৈছে। পাৰমানৱিক পৰীক্ষা-নিৰীক্ষাৰ ফলতাে পৰিৱেশ দূষিত হৈছে। এইবােৰৰ ফলত তেজস্ক্রিয় ধূলিকণাৰৰ সৃষ্টি হৈছে। এনে ধূলিকণা সকলাে প্রাণীৰ বাবেই বিপদজ্জনক।

বায়ু প্ৰদূষণঃ বিভিন্ন কল-কাৰখানা, ৰেল, মটৰ, অন্যান্য যানবাহন, ব্যৱসায়-বাণিজ্য প্রতিষ্ঠান। আদিৰ পৰা উৎপত্তি হােৱা ধোঁৱা, ধূলি-বালি, বিভিন্ন গেছ, উত্তাপ, আৱৰ্জনা আদিৰ পৰা বায়ু দূষিত হয়। হাইড্রোজেন ছালফাইড, থায়ল, ছালফাৰ-ডাই-অক্সাইড, অ’জন আদি গেছৰ পৰিমাণ বায়ুত বৃদ্ধি হৈ, দুৰ্গন্ধৰ সৃষ্টি কৰি উশাহ-নিশাহত ব্যাঘাত ঘটায়। চকুত জ্বলা-পােৰা কৰি দৃষ্টি শক্তি ৰুদ্ধ কৰে। বিভিন্ন অক্সাইড বায়ুৰ জলীয় ভাপৰ লগত মিহলি হৈ ছালফাৰ আৰু নাইট্রোজেন অম্ল তৈয়াৰ কৰে। এইবােৰ অম্ল ভূ-ভাগলৈ নামি আহি জলভাগ আৰু স্থলভাগৰ লগত মিহলি হয়। ইয়াৰেই নাম এছিদ ৰেইন বা অম্ল বর্ষণ। এই অৰ্মৰ প্ৰভাৱত জলজপ্রাণী আৰু উদ্ভিদৰ বিস্তৰ ক্ষতি হয়।

জল প্ৰদূষণঃ জল-দূষণ আজিৰ গতিশীল সভ্যতাৰ আন এটা অভিশাপ। বিভিন্ন উদ্যোগৰ পৰা উৎপত্তি হােৱা পেলনীয়া আৱৰ্জনা, তাত ব্যৱহাৰ হৈ নির্গত হােৱা নানা ৰাসায়নিক দ্রব্য-মিহলি পানী, খেতিৰ আৱৰ্জনা, জৈৱিক আৰু ৰাসায়নিক সার, কীটনাশক দ্রব্য, জীৱ-জন্তুৰ মল-মূত্র, জাবৰ-জোথৰ আদিৰ ফলত বর্তমান সময়ত প্ৰৱলভাৱে জল-প্ৰদূষণ ঘটিছে। ইয়াৰ ফলত টাইফয়েড, গ্রহণী, হাইজা আদি বেমাৰ দ্রুত গতিত বৃদ্ধি পাইছে। ভাৰতত বছৰি প্রায় মানুহৰ গ্রহণী, হাইজা, জন্ডিছ, টাইফয়েড আদি ৰোগত মৃত্যু হয়। প্রায় দুইলাখ শিশু জন্মৰ এবছৰৰ ভিতৰতে মৃত্যুৰ মুখত পৰে। আমি বেছি দূৰলৈ নগৈ অসমতে সংঘটিত কেইটামান উদাহৰণ দাঙি ধৰিছোঁ—

১। নামৰূপ সাৰ কাৰখানাৰ আৱৰ্জনাই ওচৰৰ দিলীহ । নৈৰ পানী দূষিত কৰিছে। ফলত অসংখ্য মাছ-কাছ মৰিছে; সেই পানী গৰু-ম’হৰ বাবেও অপকাৰী হৈ পৰিছে।

২। নুনমাটি শােধনাগাৰৰ আৱৰ্জনা, নিগৰি অহা তেল আদিয়ে ভৰলু নৈৰ পানী দূষিত কৰিছে। ফলত নদীখনত মাছৰ বংশই লুপ্ত হৈছে।

৩। নগালেন্ডৰ টুলী কাকত-কলৰ আৱৰ্জনাই জাঁজী নৈৰ পানী দূষিত কৰিছে।

৪। উজনি অসমৰ তৈলক্ষেত্র সমূহৰ ওচৰৰ পথাৰবােৰ তেল মিহলি পানী আৰু আৱৰ্জনাই কৃষিৰ অনুপযােগী কৰি তুলিছে। জাগীৰােড কাগজকলৰ আৱৰ্জনাৰ পৰা কপিলীৰ পানী দৃষিত হােৱাৰ উপক্ৰম হৈছে। দুর্গন্ধযুক্ত গেছ নির্গত হৈ ওচৰৰ বায়ু দূষিত কৰাৰ ফলত শ্বাস-প্রশ্বাসত ব্যাঘাত ঘটিছে; ফলত নানা অচিন ৰােগে দেখা দিয়াৰ সম্ভাৱনা দেখা গৈছে। 

অন্যান্য প্ৰদূষণঃ গাড়ী-মটৰ, যন্ত্রপাতি, কল-কাৰখানা আদিৰ পৰা হােৱা শব্দ দূষণৰ ফলতাে হৃদযন্ত্র ক্রিয়া বন্ধ হােৱা, ৰক্ত চাপ বৃদ্ধি হােৱা, স্নায়ুতন্ত্র নানা ৰােগ হােৱা, শ্ৰৱণ-ইন্দ্রিয় বিকল হােৱা, আদি বিভিন্ন প্রতিক্রিয়া ঘটা দেখা গৈছে। অৰণ্য ভূমিবােৰ উৎখাত হােৱাৰ ফলতাে এফালে বৃষ্টি পাতত ব্যাঘাত জন্মাত, অনেক মূল্যৱান প্রাণী লুপ্ত হৈ যােৱাৰ উপক্ৰম হৈছে। 

প্ৰদূষণ দূৰীকৰণঃ বর্তমান সময়ত যিমানেই উদ্যোগৰ পৰিসৰ বাঢ়ি গৈছে, সিমানেই বিশ্বৰ সকলাে দেশেই প্রদূষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। সেয়েহে সমগ্র বিশ্বই প্রতি বছৰে “বিশ্ব পাৰিপাৰ্শ্বিক দিৱস”—পালন কৰি নাগৰিক সকলক প্ৰদূষণৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ সকিয়াই দিব লগা হৈছে। ভাৰত চৰকাৰে ১৯৭৪ চনত আইন প্রণয়ন কৰি জল-প্ৰদূষণক অপৰাধ বুলি গণ্য কৰিছে। প্রতি ৰাজ্য চৰকাৰেও প্ৰদূষণ নিয়ন্ত্রণ বিভাগ একোটা খুলি, সকলাে প্ৰকাৰৰ প্ৰদূষণ নির্মূল কৰণৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু উদ্যোগপতি সকল, চৰকাৰ আৰু নাগৰিক সকলৰ একত্রিত আৰু সামূহিক প্রচেষ্টাৰ অবিহনে প্রদূষণ দূৰীকৰণ কোনােদিনেই সম্ভৱ হৈ নুঠিব।

সামৰণিঃ গতিকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমি সকলােটিয়েই সম্মিলিত প্রচেষ্টা আগবঢ়োৱা উচিত। প্রদূষণ মহাব্যাধিয়ে সমগ্র বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে; মানৱ জাতিৰ অস্তিত্বই প্রত্যাহ্বানৰ সন্মুখীন হৈছে। সেয়েহে প্রতিজন নাগৰিকেই ইয়াৰ বিৰুদ্ধে সদা জাগ্ৰত হৈ থকা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top