অসমৰ বানপানী ৰচনা | Flood in Assam Essay

অসমৰ বানপানী ৰচনা | Axomor Banpani Rosona | অসমৰ বানপানী সমস্যা অসমীয়া ৰচনা | Flood in Assam Essay in Assamese for Class 10 and 12 | Assomor Banpani Essay


অসমৰ বানপানী ৰচনা

আৰম্ভণিঃ অসম এখন সমস্যাৰে জৰ্জৰিত ৰাজ্য। অতীতৰে পৰা নানা সমস্যাই অসমক জুমুৰি দি আহিছে। তাৰ এটি প্ৰধান সমস্যা হ’ল— অসমৰ বানপানী সমস্যা।

বানপানীৰ সমস্যাঃ পানীয়েই প্ৰাণ আৰু প্ৰাণস্বৰূপ পানীৰ প্ৰকৃতিক আধাৰ হ’ল— নদীসমূহ। নদীমাতৃক দেশ অসমত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি নানান নদী-নলাৰে উপচি আছে। বাৰিষা-খৰালি দুয়ো সময়তে ইয়াৰ পানী প্ৰায় নুশুকায়। কিন্তু বাৰিষা পানী উপচি প্ৰায়ে পাৰ বাগৰি ভৈয়ামলৈ বৈ গৈ বানপানীৰ সৃষ্টি কৰে। 1950 চনৰ পিছৰে পৰা আমাৰ দেশতপ্ৰায়ে প্ৰতি বছৰে বানপানী হৈ থকা দেখা গৈছে। সম্ভৱতঃ ভূঁইকঁপৰ জোকাৰণিত আমাৰ নদীবোৰৰ তলি দাং খাই উছিছে- যাৰ ফলত অলপমান পানী জমিলেই পাৰ উপচি পৰে। সম্প্ৰতি হাবি-বন, পৰ্বত-পাহাৰ কাটি-ভাঙি মানুহে বসবাস কৰিবলৈ লোৱা বাবে মৌচুমীৰ গতি অনিয়মীয়া হৈ প্ৰৱল্য বাঢ়িছে। বৰষুণ হ’লে একেৰাহে ধাৰাসাৰে হয়, নহ’লেবা তেনেই খৰাং হৈ থাকে। ফলত কোনো কোনো বছৰত বাৰিষাৰ বানপানীৰে পৰা শেষলৈ অগা-পিছাকৈ 4/5 বাৰ বানপানী হোৱা দেখা যায়।

অপকাৰঃ বানপানী যিমানেই প্ৰৱলতৰ হয় ক্ষয়-ক্ষতিৰ সীমা নথকা হয়। মানুহ, গৰু, জীৱ-জন্তুৰদুখ কুলাই-পাচিয়ে নধৰা হয়। পথাৰৰ শস্য হানি হোৱাৰ উপৰিও পোহনীয়া গৰু-ম’হ, হাঁহ-কুকুৰা, ঘৰ দুৱাৰ উটি-ভাহি যায়। বানপানীয়ে যে কেৱল বানপানীৰ সময়ছোৱাতে আৰু কেৱল বানপানী বিধস্ত অঞ্চলৰে অনিষ্ট কৰে এনেনহয়। বানপানীৰ পিছতে সচৰাচৰ আকাল আৰু নানান মাৰি-মৰকে দেখা দিয়ে। বানপানীয়ে কৰা শস্যৰ ক্ষতিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে। আমাৰ সৰ্বসাধাৰণ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, এনেয়ে অৱস্থা বেয়া, বানপানীয়ে তেওঁলোকৰ হাঁড় ভগাৰ ফলত তেঁওলোক চিৰকালৰ কাৰণে দুৰ্ভাগ্যৰ কৰাল গ্ৰাসত পতিত হয়।

প্ৰতিকাৰৰ উপায়ঃ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি-বিশেষে অসমৰ বান-পীড়ীত লোকৰ সাহাৰ্য্যাৰ্থে দান-বৰঙণি আগবঢ়ায় যদিও সিয়ে দুৰ্গত মোচনৰ কাৰণে যথেষ্ট নহয়। সেইবাবে অসমৰ বানপানীৰ সমস্যা সমাধান কৰাটোহে সম্প্ৰতি অতি প্ৰয়োজন হৈ পৰিছে। অসম চৰকাৰে নৈবোৰত মথাউৰিৰ ব্যৱস্থা কৰিছে যদিও মথাউৰি পৰিকল্পিত নোহোৱাত বানপানী আহিলেই পানী উপচি পৰে। সেয়েহে মথাউৰিবোৰ সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰাটো প্ৰয়োজন। নৈপৰীয়া মাটি শিমলু খেতিৰ বাবে উপযোগী। নৈ পাৰত এই গছ ৰোপন কৰি গৰা-খহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধ কৰাৰ লগতে জুইশলা উত্পাদন কৰিব পৰা হ’ব। অসমত পানী যোগানতকৈ পানী উলিয়াই দিয়াৰ সমস্যাহে ডাঙৰ। বান নিয়ন্ত্ৰণৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী উলিয়াই আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যাব। অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ হ’লে মৌচুমী বতাহৰ গতিও যিমানদূৰ পাৰি নিশ্চিত কৰিবলৈ যত্ন কৰিব লাগিব।

সামৰণিঃ প্ৰকৃতিৰ কোনো বস্তুৱেই সম্পূৰ্ণৰূপে ধ্বংসকাৰী বা উপকাৰী নহয়। প্ৰকৃতিক আয়ত্তলৈ আনি তাৰ কল্যাণকৰ গুণক কাৰ্য্যত লগাব পৰাটোহে মানুহৰ কৃতিত্ব। পৃথিৱীৰ বহু দেশে বিশেষকৈ নদী নিয়ন্ত্ৰণ কৰি এনে কৃতিত্বৰ অধীকাৰী হৈছে। অসমৰ বানপানী সমস্যা সমাধান কৰিব পাৰিলে অসমভাৰতৰ শস্য আৰু বিদ্যুত্ শক্তিৰ ভঁৰাল হোৱাৰ খ্যাতি লাভকৰিব বুলি ভবাটো অলীক সপোন নহ’ব নিশ্চয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top